নাম আছিল আশা
আকাশখনৰ মনটো বুজিবলৈ বৰ কঠিন হৈ পৰিছে এই কেইদিন । কিবা সদ্য বিবাহিত লাজুকি কণ্যাৰ দৰে নিজৰ দুদিনমানৰ আগতে এৰি অহাগাওঁখনলৈ, ঘৰখনলৈ , মাক-দেউতাক, বাই-ভনীয়েকলৈ মনত পৰি অজানিতে চকুলো নিগৰি অহাৰ দৰে আকাশখনে কেতিয়া উচুপি উঠে একো অনুমান কৰিব নোৱাৰা পৰিস্থিতি । আজিৰ সময়ত আগৰদৰে ব্যস্ততা নাই । গুৱাহাটীতে থকা আত্মীয়ৰ ঘৰলৈ যোৱা, বিভিন্ন ঠাইত মুখ্য অতিথি, বিশিষ্ট অতিথি হিচাবে সভা সমিতিলৈ নিমন্ত্ৰণ পালে নিমন্ত্ৰণ ৰক্ষা কৰা, সৰু জীয়ৰীৰ ঘৰলৈ বুলি বাঙ্গালোৰলৈ যোৱা আৰু সময় সুবিধা অনুযায়ী বৰ জ

ডা° টঙ্কেশ্বৰ ভূঞা
3 days ago
প্ৰহসন
চিল্ মিলকৈ টোপনি আহিছিলহে , মোবাইলৰ শব্দত সাৰপাই উঠিলো। ডাক্তৰৰ ঘৈণীয়েক হ'লে এইটোৱেই সমস্যা।খোৱা-বোৱা, ফুৰা-চকা ক'তো শান্তি নাইকিয়া হয়। সকলোৱেই ডাক্তৰৰ টকা-পইচা সৰহ হোৱাহে দেখে , কিন্তু ঘৈণীয়েকজনীয়ে দিনৰ দিনটো (কেতিয়াবা ৰাতিও) , কিমান যে 'ব'ৰ'' হৈ থাকে , সেয়া কিন্তু কোনেও নেদেখে । 'ৰ'বা, ৰ'বা, তুমি নালাগে , মইয়ে ধৰো। মই কিন্তু তুমি ঘৰত নাই বুলি ক'ম দেই'। ' পেছেন্ট ছিৰিয়াছ হ'লে নগ'লে কেনেকৈ হ'ব বাৰু? 'যাব লাগিবই বুলি কোনো কথা নাই? ' 'হেৰা, তোমাৰ মাৰাৰে যে কিবা অসুখ, ক

গীতা মহন্ত শইকীয়া
5 days ago
অমাতৰ মাত
গৰমৰ বন্ধৰ প্ৰথম দিন। শ্যামলী আৰু শান্তনু আজি পুৱা সোনকালেই শোৱাৰ পৰা উঠিল। আজি আৰু বাৰে-বাৰে আহি সিহঁতক জগাব লগা নহ'ল। আন দিনা হ'লে কিমানবাৰ যে মাত দিব লাগে! তাকে ভাৱি মাক হিচাপে শেৱালী আচৰিত হোৱাৰে কথা! শান্তনুৱে স্কুল বেগত দুখনমান কমিক বুক আৰু ছবি অঁকা বহীৰ লগতে খেলৰ দুই এপদ বস্তু ভৰোৱা দেখি বায়েক শ্যামলীয়ে হাঁহি ক'লে, অ'ই তই ককাৰ ঘৰত পঢ়িবলৈ যাবিনে ফুৰিবলৈ যাবি? তাই বেগৰ পৰা বস্তুখিনি উলিয়াই থ'বলৈ কোৱাত সি ক'লে নাই এইখিনি নিব লাগিব। চোতালত গাড়ীখন ৰখোৱাৰ লগে লগেই শান্তনু গা

ড° নাজমা বেগম
5 days ago
প্ৰত্যাৱৰ্তন
বয়সৰ এটা পৰ্যায়ত মানুহে কেতিয়াবা অনুভৱ কৰে -জীৱনত বহু দিঘলীয়া পথ অতিক্ৰম কৰা হ’ল অথচ অতি নিকট, নিজা , এনেকুৱা এটা চমুপথ থাকি গ’ল য’ত খোজ দিয়ায়েই নহ’ল৷ হেমন্ত গোস্বামীয়ে এই অনুভৱটোকে বহুদিন ধৰি উপেক্ষা কৰি আহিছিল ৷ হেমন্ত গোস্বামী দগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰপৰা অৱসৰ লৈ লিখা -মেলাত হাত দিছে ৷ ইতিমধ্যে স্থানীয় কেইবাটাও অনুষ্ঠানৰ সভাপতিৰ পদ গ্ৰহণ কৰিছে ৷ অধ্যয়ন কৰা,বিভিন্ন কাকতলৈ দিবলগীয়া প্ৰবন্ধ প্ৰস্তুত কৰা ,সভা-সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰা আদি কামত হেমন্ত গোস্বামী মহাবিদ্যালয়ৰ

ত্ৰিদিৱ লস্কৰ
5 days ago
দিখৌ পাৰৰ দুখ
"অথিৰ ধন-জন, জীৱন-যৌৱন , অথিৰ এহু সংসাৰ" মাজে-মাজে জীৱনলৈ বিৰাগ ভাৱ আহে । সকলো অৰ্থহীন যেন লাগে । ধন-সম্পত্তি, ভোগ-বিলাস সকলো তেনেই ক্ষন্তেকীয়া যেন লাগে । নিয়তিয়ে মানুহৰ ভাগ্যক ভেঙুচালি কৰা যেন লাগে । প্ৰকৃতিৰ প্ৰচণ্ড শক্তিৰ কাষত মানুহক নিচেই ক্ষুদ্ৰ যেন লাগে। ভোগ-বিলাসত মত্ত মানুহে নিজৰ ক্ষুদ্ৰতাক বেছিভাগ সময়তে পাহৰি থাকে । অহংকাৰত উন্মাদ হৈ থাকি প্ৰকৃতিক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰে । প্ৰকৃতি ধ্বংস কৰি নিজৰ সাম্ৰাজ্য বঢ়াব খোজে । আৰু তাৰ বিষময় ফল ভোগ কৰে সহজ- সৰল মানুহে ।

ডাঃ হেমন্ত কুমাৰ গোস্বামী
5 days ago
দূৰদৰ্শী
বেলি লহিয়াইছে তেতিয়া। দুলুমণিয়ে পিন্ধি থকা চুৰিদাৰৰ পেণ্টটো পানীত তিতিব নোৱাৰাকৈ মুকুতাই দমকলটোৰ ফালে আগবাঢ়ি গ'ল। সোঁহাতে দমকলৰ হেণ্ডেল ডাল তললৈ হেচি ধৰি ভৰি দুটা পানীত তিয়াই ললে।তাই পাকঘৰতে এচুকত পাতি থোৱা কৃষ্ণৰ ফটো খনৰ সৈতে লেপি- মচি থোৱা ভেটিটোৰ কাষত আঠুলৈ মাটিৰ ক'লা হৈ যোৱা চাকিটোত মিঠাতেল ঢালিলে। কণমাণি মাটিৰ ঘটটোৰ ভিতৰৰ পৰা বাৰীৰ কপাহ অলপ লৈ গুটি গুচাই শলিতা পগাই জুইশলাটো মাৰি জ্বলাবলৈ চেষ্টা কৰিলে।হঠাতে অহা বতাহ জাকত বাৰে বাৰে কাঠিটো নুমাই যাবলৈ ধৰিছে।এপাকত তাই স

গুণদা গোস্বামী
5 days ago
শেষ পৰিণাম
অন্য দিনাৰ দৰে সেইদিনাও পুৱতি নিশা হঠাৎ টোপনিৰ পৰা সাৰ পাই উঠিল সংঘমিতা । আন দিনাও ঠিক একেখিনি সময়তে সাৰ পাই যদিও কিছু সময়ৰ পাছত পুনৰ তাইৰ টোপনিতো ঘুৰি আহে । কিন্তু সেই দিনা তাইৰ টোপনিতো ঘুৰি নাহিল ।জোৰকৈ চকুহাল মুদি পূনৰ টোপনিতো ঘূৰাই আনিবলৈ তাই অশেষ চেষ্টা কৰিলে । কিন্তু তাইৰ সকলো চেষ্টাই সেইদিনা বিফল হল । খন্তেক সময় বিচনাখনতে ইছাত সিচাত কৰি থাকি এটা সময়ত সন্তৰ্পনে বিচনাৰ পৰা উঠি তাই কোঠাৰ বন্ধ খিৰিকী খন খূলি দিলে । বাহিৰত তেতিয়া এচাতি পাতলীয়া বতাহৰ লগতে চিপ্ চিপ্ বৰষ
ভোলা কলিতা
5 days ago











