

এটি পুৱাৰ অপেক্ষাত
নদীৰ পাৰত সূৰুযৰ উজ্জ্বল হালধীয়া পোহৰ ক্ৰমে ম্লান হৈ আহিব ধৰিছে । নদীৰ পাৰত থকা গছবোৰৰ পাত বোৰ ৰ'দৰ সোণোৱালী পোহৰত উজ্বলি উঠিছে । দিনৰ আহাৰ সন্ধানী পক্ষীকুলে বিদায়ৰ আগমুহুৰ্তত কৰা চিঞৰ-বাখৰবোৰে নদীৰ পাৰত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছে । পাৰ্থিৱে ভাবিলে কিছু সময়ৰ পাছত নদীখন স্তদ্ধ হৈ পৰিব । অসংখ্য আত্মলীন জলজ জীৱৰ মাজত নদীখন নিস্তব্ধ নিৰ্বিকাৰ হৈ তাৰ অস্তিত্বক বজাই ৰাখিব । এনেদৰেই নদীবোৰে বছৰ বছৰ ধৰি একোটা অঞ্চলত নদী-মাটি-ঘাম-তেজৰ মিশ্ৰণত গঢ় লৈ উঠা জীৱন, সমাজ আৰু মান

উপমা মজুমদাৰ
Jun 22
সুখৰ সন্ধানত
সুখবোৰ কৰবাত কিনিব পৰা হলে কাঁইটীয়া পথটোৱেদি গৈ দুভৰি তেজাল কৰি আঁচল ভৰাই আজুৰি অনিলোঁ হয় তোৰ বাবে সুখবোৰ ...!! দুখৰ বিনিময়ত সুখবোৰ কৰবাত বন্ধক দিব পৰা হলে মোৰ কলিজা দি উশাহবোৰ ভগাই ললোঁ হয় !! তথাপি তোৰ বাবে অলপমান সুখ কিনি লৈ আহিলো হয় !!.. মোৰ দুহাতৰ জোলোঙা ভৰাই ভৰাই ...!!.. সুখ বোৰ এবাৰ চুই চালো হয় কিমান কোমল কিমান কঠোৰ কিমান গভীৰ কিমান স্পৰ্শ কাতৰ ...!! কিমান উচ্চাকাংক্ষী ...!! যাৰ বাবে হৃদয় নিৰূপায় কোনোবা এক অনামী ক্ষণত ..!! বৰ্ষা বৰা পশ্চিম কাৰ্বি আংলং দূৰভাষ নং ৭

বৰ্ষা বৰা
Jun 20
মানুহ আৰু ঘৰ
মানুহৰে ভৰি থকা ঘৰখন আজি উদং হ'ল সকলো নিজক লৈ ব্যস্ত দুৱাৰত ওলমি আছে তলা । কাৰো হাতত সময় নাই কৰ্তব্যৰ দোহাই দি ভৱিষ্যত সুৰক্ষাৰ সন্ধানত মানুহে সপোনৰ সৈতে সখি পাতিছে । জোনাকৰ কোমল পোহৰ বিচাৰি ধোঁৱা - ধূলিৰে আৱৰা এই ধৰাত "মানুহ" নামৰ প্ৰাণীটোৱে নিজৰ মাজতেই আবদ্ধ হৈ বহি আছে অতি আপোনপেটীয়া হৈ। দুঃস্বপ্নৰ ভয়াবহতাই মুখৰ মাত নোহোৱা কৰিছে এসময়ৰ ফুলেৰে ভৰা উপত্যকা আজি পৰিণত হৈছে মৃত্যুৰ নিস্তব্ধ উপত্যকাত। কেচুৱা বুকুত বান্ধি সপোনৰ পিছত ঘূৰি ফুৰা মানুহগৰাকী আজি হাহাকাৰ কৰি উঠিছে ম

জ্যোতিকা বৰা
Jun 20
মূৰ্ত প্ৰকাশ
আইতায়ে কৈছিল,_ "তললৈ চাবি উজুটি নাখাৱ " তেতিয়া -- আত্মবিভোৰ মনত ক্ষোভৰ উষ্ণতা নাছিল। এদিন ককায়ে ক'লে,- "শিৰোন্নত কৰি চলিবি আকাশ চুমিবি "। শিৰতুলি দেখিলোঁ -- চৌদিশে অহংকাৰৰ মূৰ্ত প্ৰকাশ যেন জোন -বেলি তৰা চকু চাট মাৰি ধৰা। গুণ -গৰিমাও মিলি গ'ল অহংকাৰৰ অহমিকাত। যাৰ দৃষ্টিত --- মানুহ কেৱল একো একোটা জীৱন্ত পণ্য। একাংশৰ - মূৰত পাচি মুখত হাঁহি। দুজনমান--- ত্ৰাণ -কৰ্তা বিপদগ্ৰস্তৰ। এফালে অহংকাৰৰ অট্টহাস্য আনফালে দয়াৰ সাগৰৰ আত্মতুষ্টিৰ মধুৰ হাঁহি । মনোজ কুমাৰ শৰ্মা অভিযন্তা নগাঁও,

মনোজ কুমাৰ শৰ্মা
Jun 20
শিলৰ কথাৰে
শিল মানুহতকৈ প্ৰাচীন ; চিকাৰী শিলবোৰ খঙত অগ্নিশৰ্মা হোৱাৰ দিন ধৰি পূজা কৰি আহিছো শিলক । এদিন শিলাকূটীয়ে কুন্দত কাটি উলিয়াইছিল বুৰঞ্জীৰ নিৰ্জৰ শৰীৰ , যি সেতুবন্ধন হৈ মাটি- পানী সকলোতে আজিও বিদ্যমান । উজুটিৰ শিলগুটিয়ে দিক্ দৰ্শন কৰোৱাদি শিলৰ হৃদয়েও কেতিয়াবা ভৰহীন কৰে জীৱন । পূবালী বৰুৱা শৰ্মা মুঢ়াতেতেলী ' চন্দ্ৰালয় ' শোণিতপুৰ । দূৰভাষ নং ৮০১১১২৩৫৫৬
পূবালী বৰুৱা শৰ্মা
Jun 20
জ্যোতি
(জুবিন গাৰ্গৰ স্মৰণত) হে মহান নক্ষত্ৰ তুমি কি বুলি জনাও প্ৰণতি তোমাৰ শত সহস্ৰ গীতেৰে ওলাই অহা মানৱ জীৱনৰ সম্বন্ধ থকা মিঠা মিঠা শব্দবোৰ ভাষাৰ সাৱলীলতা দেশ প্ৰেমৰ গোন্ধ আৰু যুক্তিৰ দৃঢ়তাই মনত পেলাই দিয়ে তোমাৰ সফল জীৱনৰ পূৰ্ণতা খিনিৰ কথা । তুমি গুণী জ্ঞানী তুমি দুৰ্বাৰ গতিশীল তোমাৰ বুকুতে জন্ম জন-জীৱনক প্ৰেৰণা দিয়া এসোপামান মিঠা সুৰ যি সুৰ বৈ থাকিব চিৰকাল, চিৰসুন্দৰ অসম কন্ঠ জুবিন গাৰ্গ হৈ এয়ে কামনা………। নমিতা হাজৰিকা, কলিয়াবৰ ,নগাঁও দূৰভাষ নং ৭০৮৬০৫২১০১
নমিতা হাজৰিকা
Jun 20
ৰ'দৰ দৰে কথাবোৰ
কিশোৰটোৱে ধূলি -বালিৰ মাজতেই জীৱনৰ সপোন আঁকিছিল। চুবুৰীয়াৰ বাৰীত আম কঁঠাল বিচাৰি থাকোতে হেৰুৱালে তাৰ পঢ়াশালিৰ বাট। পিতাইৰ চহা জীৱনৰ ৰ'দে পোৰা পৃষ্ঠাবোৰে শিকাব খুজিছিল তাক কঠিন জীৱনৰ প্ৰত্যয়ৰ খোজ। পিছে কাহানিও লোৱা নহ'ল জীৱনৰ মাৰ্গ দৰ্শন। আইৰ আঁচলৰ এমুঠিমান সাঁচতীয়া ধন- "বোপাই, জীৱনত মিছা নামাতিবি। সচাঁৰ বাটত খোজ দিবি।" শিক্ষাগুৰুৰ চেকনিৰ কোবত কিমান দিন চকুৰে নামিছিল বাৰিষাৰ ধল। পূজ্য গুৰুৰ দিকদৰ্শী বাণী- "নাকৰ পোনে পোনে বাট ল'বি, তেহে শিপা মেলিব জীৱনে, ৰাগবোৰত খোদিত হ'ব খো
নবীন কলিতা
Jun 20











